Show/Hide Keyboard Layout

বিলতে হালিছে

- বিষ্ণুপ্ৰসাদ ৰাভা

বিলতে হালিছে ধুনীয়া পদুমী

ফুলনিত ফুলিছে ফুল

সেই ফুলে ফুলে পখিলাই চুমিছে

সানিছে ৰেণুৰে বোল ।

 

ফুলৰ ডালতে গাইছে কুলীয়ে

কুউ কুউ কই

দূৰ দূৰণিতে জুৰিটি নাচিছে

তিৰ বিৰ তিৰ বিৰ কই 

নিজান বননিতে কেতেকী চৰায়ে

সুহুৰি মাৰিছে ৰ’ই ।।

Hits: 2080